The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
আহোমে দি যোৱা পৰিচয় সোণোৱালে পুনৰ প্ৰতিষ্ঠা কৰিবঃ আশাবাদী খিলঞ্জীয়া মুছলমান
এন.এন ব্যুৰো, ১৬ মাৰ্চঃ আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত গৰীয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী আৰু জলহাসকলৰ ২৩টা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰতিনিধিসকলৰ লগতে ডা০ ইলিয়াছ আলী, ড০ আবু হানিফা, ৰফিউল হুছেইন বৰুৱা, ইমৰাণ হুছেইন, তৌফিক ৰহমানকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। পূৰ্বতে চৰকাৰে ঘোষণা কৰা উন্নয়ন পৰিষদৰ নামাকৰণ গৰীয়া-মৰিয়া-দেশী আৰু চাহ জনগোষ্ঠী-জলহা উন্নয়ন পৰিষদ বুলি নামাকৰণ কৰিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰে। ইয়াৰোপৰি গৰীয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী আৰু জলহাসকলৰ সংজ্ঞা সম্পৰ্কে এক আলোচনা কৰি এই ক্ষেত্ৰত এক বৌদ্ধিক কোষ গঠন কৰি বিষয়কেইটাৰ ক্ষেত্ৰত এক স্থায়ী সমাধান উলিয়াবৰ বাবে তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰে। জনগোষ্ঠী চাৰিটাৰ বাবে চৰকাৰে ঘোষণা কৰা জৰীপৰ কাম অনতিবিলম্বে আৰম্ভ কৰিবৰ বাবেও দাবী উত্থাপন কৰাৰ লগতে অসম চুক্তিৰ ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ জনগোষ্ঠীকেইটাক প্ৰদান কৰিবলৈ দাবী জনোৱা হয়। দেশী উন্নয়ন পৰিষদ গঠন কৰাৰ উপৰি নিষ্ক্ৰিয় হৈ থকা অসম সংখ্যালঘু বিত্তীয় নিগম, ৰাজ্যিক হজ কমিটি, সংখ্যালঘু আয়োগ, ৱাকফ ব’ৰ্ড সক্ৰিয় কৰিবৰ বাবে চৰকাৰৰ ওচৰত এক আবেদন জনোৱাৰ কথা উল্লেখ কৰে পৰিষদে। ইতিমধ্যে গঠন হোৱা গৰীয়া উন্নয়ন পৰিষদ, মৰিয়া উন্নয়ন পৰিষদ, চাহ জনগোষ্ঠী আৰু জলহা উন্নয়ন পৰিষদ পুনৰ গঠন কৰি কাৰ্যক্ষম কৰিব লাগে বুলিও চৰকাৰক তেওঁলোকে দাবী জনায়। অসমত উচ্চ সদন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ লগতে সংৰক্ষণ মুক্ত হৈ থকা ১০২ টা বিধানসভা সমষ্টি, অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ উপৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবেও উক্ত সভাতেই তেওঁলোকে দাবী উত্থাপন কৰে।