Assam man beheaded a 55-year-old and then, walked for 25 km in the dead of…
আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব অৰ্ণৱ গোস্বামী।
ভুৱা TRP ৰ গোচৰত শীঘ্ৰেই মুম্বাই আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব অৰ্ণৱ গোস্বামী। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে মঙলবাৰে এক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১০৮ৰ অধীনত এই জাননী প্ৰেৰণ কৰিছে।
অহা ১৬ অক্টোবৰৰ ৪ বজাত স্পেচিয়েল একজিকিউটিভ মেজিষ্ট্ৰেট আৰু এচিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচৰ সন্মুখত অৰ্ণৱ গোস্বামী হাজিৰ হ’ব লাগিব।
উল্লেখযোগ্য যে,অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত নাগপুৰত এটা গোচৰ ৰুজু হৈছিল।বিশেষকৈ সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে পালঘৰ সাধু গণহত্যা আৰু বান্দ্ৰাত বৰ্হি ৰাজ্যৰ শ্ৰমিকসকলক লৈ নিজৰ টিভিৰ টক শ্ব’ত সাম্প্ৰদায়িক ৰং দিয়াৰ অপচেষ্টা কৰা বুলি অভিযোগ আছে।