Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আৰে মই ফকীৰ, মােনা লৈ ওলাই যাম
“আৰে মই ফকীৰ, মােনা লৈ ওলাই যাম” বহুবাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ৰাজহুৱা সভাত এই কথা কোৱা পৰিলক্ষিত হৈছে। কিন্তু এতিয়া মােদী মুঠেও ফকীৰ নহয়। বর্তমান তেওঁ কোটি টকাৰ মালিক । প্রধানমন্ত্রী কার্যালয়ৰ মতে এই মুহূর্তত মােদীৰ মুঠ সম্পত্তিৰ পৰিমাণ নাই বুলিলেও দুই কোটি ৮৫ লাখ টকা ।
বিগত এবছৰৰ ভিতৰতে মােদীৰ সম্পত্তি ৩৬ লাখ টকা বৃদ্ধি পাইছে। নিজকে অভাৱী ঘৰৰ সন্তান বুলি পৰিচয় দিবলৈ ভাল পায় প্রধানমন্ত্রী মােদীয়ে। তেওঁৰ মুখত বাৰে বাৰে শুনিবলৈ পােৱা যায় গুজৰাটৰ ভাদনগৰ ষ্টেছনত চাহ বিক্ৰীৰ ঘটনা ।
এই ‘চায়ৱালা’ পৰিচয়ে ৰাজনীতিৰ পথাৰত তেওঁক এক ভিন্ন পৰিচয় দিছে। কিন্তু এতিয়া স্বাভাৱিকতে পৰিস্থিতি এনে হৈ থকা নাই । বিগত এবছৰত তেওঁৰ বেংক বেলেঞ্চ প্রায় তিনি লাখ টকা আৰু ৩৩ লাখ টকা তেওঁ স্থায়ী বিনিয়ােগৰ পৰা পাইছে। মাত্র পাঁচ বছৰত তেওঁৰ সম্পত্তি বৃদ্ধি পাইছে ৫২ শতাংশ।