A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
আৰ. পি OUT, পি. টি IN
এন.এন ব্যুৰো, ৫ মাৰ্চঃ আজি দিছপুৰৰ গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত বি.জে.পিত যোগদান শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বি.জে.পি ৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙে আনুষ্ঠানিকভাৱে বি.জে.পি ত যোগদান কৰে। ইয়াৰ লগতে কন্ঠশিল্পী তিলক নেৱাৰ আৰু গোৰ্খা জনগোষ্ঠীৰ অন্য অৰ্ধশতাধিক লোকেও বি.জে.পি ত যোগদান কৰে। আৰ. পি. শৰ্মাই বি.জে.পি এৰি কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰেম তামাঙ সহ বহু গোৰ্খা জনগোষ্ঠীৰ লোকে বি.জে.পিত যোগদান কৰা কাৰ্যই দলটোৰ বাবে ক্ষতিপূৰণৰ কাম কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।