Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ইণ্ডিগ’ এয়াৰ লাইন্সৰ এখন বিমানৰ ভিতৰতে জন্মগ্ৰহণ কৰিছিল দেৱ শিশুটিয়ে।
ইণ্ডিগ’ এয়াৰ লাইন্সে এটি নৱজাতকক ওৰেটো জীৱন বিমান পৰিবহণ সংস্থাটোৰ যিকোনো বিমানতে বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে।
আজীৱন বিনামূলীয়াকৈ দেশ-বিদেশ ঘূৰি ফুৰিব পৰা এই দেৱ শিশুটিয়ে এই বিশেষ সুবিধা লাভ কৰাৰ এক বিশেষ কাৰণ আছে।
দৰাচলতে বুধবাৰে দিল্লীৰ পৰা বাংগালুৰু অভিমুখী ইণ্ডিগ’ এয়াৰ লাইন্সৰ এখন বিমানৰ ভিতৰতে জন্মগ্ৰহণ কৰিছিল দেৱ শিশুটিয়ে। মাটিৰ পৰা কেইবা হাজাৰ ফুট উচ্চতাত থকা ইণ্ডিগ’ এয়াৰ লাইন্সৰ 6E-122 বিমান খনত যাত্ৰী হিচাবে যোৱা এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল বিমানৰ ভিতৰতে।
এই বিষয়ে মহিলাগৰাকীয়ে বিমানৰ পৰিচালিকাক অৱগত কৰিছিল যদিও সেই সময়ত কোনেও একো কৰিব পৰা অৱস্থাত নাছিল।
প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীক বিমানৰ পৰিচাৰিকাসকলে আঁৰ কৰি ধৰিছিল আৰু এটা সময়ত উৰন্ত বিমানৰ ভিতৰতে মহিলা গৰাকীয়ে এটি সুস্থ-সৱল ল’ৰা সন্তান জন্ম দিয়ে।