Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উচ্চতম ন্যায়ালয়ে দিল্লীৰ শ্বাহীনবাগত হোৱা ‘কা’ আন্দোলনক লৈ শুনালে গুৰুত্বপূৰ্ণ ৰায়
উচ্চতম ন্যায়ালয়ে দিল্লীৰ শ্বাহীনবাগত হোৱা ‘কা’ আন্দোলনক লৈ শুনালে গুৰুত্বপূৰ্ণ ৰায়। আদালতে শুনোৱা ৰায়ত কোৱা হয় যে ৰাজহুৱা স্থানত অনিৰ্দিষ্টকালৰ বাবে কোনো ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰিব। অকল শ্বাহীন বাগেই নহয় কোনো ঠাইতে এনে কৰিব নোৱাৰিব অনিৰ্দিষ্ট কালৰ বাবে।
আদালতৰ মতে, নিৰ্ধাৰিত স্থানত ধৰ্ণা প্ৰদৰ্শন অনুষ্ঠিত কৰিব পাৰিব, কিন্তু পথচাৰীৰ যাতায়াতৰ অধিকাৰ খৰ্ব হ’ব নালাগিব।
উল্লেখ্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদৰ পৰা নাগৰিকত্ব সংশোধন আইন পাছ কৰিছিল, যাৰ অধীনত পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুসকলক ৰাষ্ট্ৰীয়তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।
আইনখনক সাম্প্ৰদায়িক আখ্যা দি দেশৰ বিভিন্ন অঞ্চলৰ লগতে দিল্লীৰ পৰা শ্বাহীনবাগত হৈছিল প্ৰবল প্ৰতিবাদ। পথ অৱৰোধ কৰি দিল্লীৰ শ্বাহীনবাগত ডিচেম্বৰৰ পৰা মাৰ্চলৈ ৰাস্তাত প্ৰতিবাদ কৰা হৈছিল।
এই সন্দৰ্ভত আদালতত অভিযোগ উত্থাপন কৰা হৈছিল আৰু আদালতে আজি এই সম্পৰ্কে ৰায়দান কৰে। ৰায়দানত আদালতে পুনৰ উল্লেখ কৰে যে ৰাজহুৱা সভা নিষিদ্ধ কৰিব নোৱাৰি। সংবিধানে বিৰোধিতা কৰাৰ অধিকাৰ নাগৰিকক প্ৰদান কৰিছে, কিন্তু প্ৰতিবাদী কাৰ্যসূচী কিছু দায়িত্বসহ পালন কৰা উচিত।