The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
উত্তৰ পূৱ সংখ্যালঘূ ছাত্ৰ সংগঠনৰ সংবাদ মেল
উত্তৰ পূৱ সংখ্যালঘূ ছাত্ৰ সংগঠনে মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ সংখ্যালঘূ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা ৫৪০ কৌটি ধনৰ চিবিআইৰ তদন্ত দাবী কৰে। উত্তৰ পূৱ সংখ্যালঘূ ছাত্ৰ সংগঠনৰ সভাপতি বাদাৰুল ইছলামে কয় যে কেন্দ্ৰৰ পৰা অহা সংখ্যালঘূ ছাত্ৰৰ কেইবাশ কৌটি ধন উত্তৰ পূৱৰ সংখ্যা লঘূৰ উন্নয়নত ব্যৱহাৰ নকৰাৰ বিপৰীতে কোনোধৰনৰ হিচাপ প্ৰদৰ্শন কৰা নাই। উত্তৰ পূৱৰ সংখ্যালঘূ ছাত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰই প্ৰতি বছৰে বহু ধন মুকলি কৰে কিন্তু এই ধন যোৱা ৫ বছৰৰ পৰা কোনো উন্নয়নত ব্যৱহাৰ কৰা হোৱা নাই। সম্প্ৰতি চলি থকা SI কেলেংকাৰীত জড়িত থকা সকলক শাস্তি বিহিবলৈ বাদাৰুল ইচলামে দাবী জনায়।