Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উত্তৰ প্ৰদেশত ‘মিছন’ শক্তি
যোৱা ১৯ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে নাৰী আৰু শিশু অপৰাধৰ লগত জড়িত ২৩ জন ব্যক্তিক যাবজ্জীবন সশ্ৰম কাৰাদণ্ডৰ বাবে আদেশ দিয়ে। ‘মিচন শক্তি’ অভিযানৰ উদ্যোগত এই ২৩ জন ব্যক্তিক কাৰাদণ্ড বিহে। গৃহ বিভাগে কয় যে মুঠ ৪৯ জন ব্যক্তি এনে শিশু আৰু নাৰী অপৰাধৰ লগত জড়িত। উত্তৰ প্ৰদেশৰ চৰকাৰে নাৰী সুৰক্ষাৰ হকে ৬ মাহৰ বাবে আৰম্ভ কৰিছে ‘মিচন শক্তি’ । শাৰদীয় নৱৰাত্ৰীৰ প্ৰথম দিন অৰ্থাৎ ১৭ অক্টোবৰৰ পৰা এপ্ৰিলৰ চ’ত নৱৰাত্ৰী পৰ্যন্ত অব্যাহত থাকিব এই মিচন শক্তি। মিচন শক্তিৰ অংশ হিচাপে উত্তৰ প্ৰদেশৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব অৱনিশ অৱস্হিয়ে UP Prosecution নামৰ ৱেৱচাইডৰ লগতে ইউ টিউৰ মুকলি কৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে কয় যে এই মিচন শক্তিত মহিলা আৰক্ষীৰ অন্তৰ্ভুক্তি সন্দৰ্ভত তেওঁলোকে মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ সৈতেও বাৰ্তালাপ কৰিছে। উল্লেখনীয় যে এই মিচনে উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাত ৫২১ টা ব্লক, ৫৯০০০ গাওঁ পঞ্চায়ত আৰু ১৫৩৫ থানা সামৰি ল’ব।