Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উত্তৰ প্ৰদেশৰ সংস্কৃত স্কুললৈ বিনামুলীয়া খাদ্য আৰু আন সুবিধা- যোগী আদিত্যনাথ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৃহস্পতিবাৰে সংস্কৃত স্কুলৰ সা সুুবিধা বঢ়াবলৈ বিশেষভাৱে নিৰ্দেশ দিয়ে। তেওঁ কয় যে সংস্কৃত স্কুলৰ শিক্ষাৰ্থী সকলক বিনামুলীয়া খাদ্যৰ লগতে আন সুবিধাসমূহো প্ৰদান কৰা উচিত। মুখ্যমন্ত্ৰীগৰাকীয়ে মাধ্যমিক শিক্ষা পৰিষদৰ ৱেৱচাইড মুকলি কৰি কয় যে পৰীক্ষা অনুষ্ঠিত আৰু ফলাফল সঠিক সময়ত ঘোষনা কৰাত চৰকাৰে তেওঁলোকক পূৰ্ণ সহযোগ কৰিব। সংস্কৃতৰ উত্তৰোত্তৰ কামনা কৰি তেওঁ কয় যে আধুনিক জীৱন শৈলীত সংস্কৃতৰ ভূমিকা অপৰিহাৰ্য । পৰম্পৰাগত বিষয় অধ্যয়নৰ উপৰিও ছাত্ৰ ছাত্ৰীয়ে গণিত,বিজ্ঞান আৰু কম্পিউটাৰ শিক্ষণ অপৰিহাৰ্য। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰয়োজন হ’লে NGO ৰ সহায় ল’ব। সংস্কৃত অধ্যয়নে ছাত্ৰ ছাত্ৰীক সমাজৰ প্ৰতি দায়বদ্ধ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। চৰকাৰখনে ৰাজ্যত সংস্কৃত শিক্ষাৰ উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।