Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
উদ্ধৱ থাকৰে আপুনি চেকুলাৰ হৈ গৈছে!
মহাৰাষ্ট্ৰৰ ৰাজনীতিত সংঘাত বৃদ্ধি ৰাজ্যপাল ভগত সিং কোশ্বয়াৰী আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মাজত । শেহতীয়াকৈ ৰাজ্যপালে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ লিখা এখন চিঠিত উদ্ধৱ থাকৰে ধৰ্মনিৰপেক্ষ হৈ যোৱা বুলি মন্তব্য কৰিছে ।
ৰাজ্যপালে লিখিছে – ‘আপুনি হিন্দুত্ববাদৰ এজন শক্তিশালী সমৰ্থক আছিল । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত অযোধ্যাৰ ৰাম মন্দিৰৰ স্থান ভ্ৰমণ কৰি ভগৱান ৰামৰ ভক্ত হিচাপে উচৰ্গা কৰিছিল । মই আচৰিত হৈছোঁ কিয় মন্দিৰ সমূহ পুনৰ মুকলি কৰি দিয়া মই । এটা সময়ত আপুনি ‘চেকুলাৰ’ (ধৰ্মনিৰপেক্ষ ) যিটো শব্দ সর্বাধিক বেয়া পাইছিল, আজি আপুনি চেকুলাৰ হৈ গৈছে ।”
ৰাজ্যপালে ৰাজ্য চৰকাৰে বাৰ, ৰেষ্টুৰেণ্ট , সমুদ্রতীৰ আদি সকলো খুলি দিছে কিন্তু হিন্দু মন্দিৰ সমূহ ৰাজ্য চৰকাৰে লকডাউনতে ৰাখিছে বুলি অভিযোগ কৰে ।
আনহাতে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এইক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কোনো ৰাজ্যপালৰ পৰা তেওঁক হিন্দুত্বৰ বিষয়ত প্ৰমাণপত্ৰ নালাগে । মন্দিৰ মুকলি কৰাৰ বিষয় ধৰ্মনিৰপেক্ষতাৰ বিষয় নহয় বুলি উল্লেখ কৰি ত উদ্ধৱ থাকৰে ৰাজ্যপালক তেওঁৰ সংবিধানৰ অধিকাৰ পাহৰি গৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।
কংগনা ৰানাৱটৰ বিষয়ত নাম প্ৰকাশ নকৰাকৈ উদ্ধৱ থাকৰ অভিযোগ কৰে – “আপুনি মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰা নিজৰ ঘৰলৈ ব্যক্তিক আমন্ত্ৰণ জনাই ৷”
উল্লেখ্য যে ক’ভিড ১৯ৰ বাবে দেশৰ ভিতৰত সর্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য হ’ল মহাৰাষ্ট্ৰ ৷