The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
উমানন্দৰ দুৰৱস্থাঃ সাংসদৰ আশ্বাস
এন.এন ব্যুৰো,২১ ফ্ৰেব্ৰুৱাৰীঃ পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰ নদীদ্বীপ উমানন্দত আজি শিৱৰাত্ৰী উপলক্ষে ভক্তপ্ৰান ৰাইজৰ যথেষ্ঠ ভিৰ পৰিলক্ষিত হয়। অসম গৌৰৱ উমানন্দৰ বৰ্তমানৰ দূৰৱস্থাৰ বিষয়ে অৱগত কৰি নিউজ নেটৱৰ্কৰ আগত ক্ষোভ প্ৰকাশ কৰে উমানন্দ পৰিচালনা সমিতিয়ে। উমানন্দত নাই কোনো থকা-খোৱাৰ সু-ব্যৱস্থা। বিজুলী দূৰৰে কথা খাবলৈও এটুপি বিশুদ্ধ পানী নাই উমানন্দত। মাত্ৰ এখন চৰকাৰী ফেৰীৰেই অহা-যোৱা কৰিবলগীয়া হৈছে সাধাৰন জনতাই, লগতে দেশ বিদেশৰ পৰ্যতকসকলেও। শিৱৰাত্ৰী উপলক্ষে উমানন্দত উপস্থিত হলহি সাংসদ কুইন ওজা। এই সকলো সমস্যাৰ বিষয়ে সাংসদ গৰাকীয়ে চালি-জাৰি চাই মূখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব বুলি মন্তব্য কৰে।