skip to Main Content

এইবাৰ বিত অফিচাৰে নামি পৰিছে বনধ্বংসত।


বি টি আৰ ৰ পৰ্বতঝোৰা বন সংমণ্ডল প্ৰাধিকৰণ ৰ বাশবাৰী বন আঞ্চলিক কাৰ্য্যালয়ৰ ৰেঞ্জাৰ দীপক ৰয় ৰ নেতৃত্বত খোপাতি বিট কাৰ্য্যালয়ৰ বীট অফিচাৰ গৌতম ৰয়ে চলাইছে বনধ্বংস। ৰেঞ্জাৰ আৰু বীট অফিছাৰ সহায়ত একাংশ মাফিয়াই অবাধে কাটিছে মূল্যবান গছ। মাহেলি হিচাপত উৎকোচ লোৱাৰ অভিযোগ কাঠফলা মিল ৰ মালিকৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ ছিণ্ডিকেট, ড্রাগছ, বিষয়া কৰ্মচাৰীৰ কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হলেও সেইবোৰ কথাত গুৰুত্ব নিদিয়ে এটাও বিভাগে।যিটো বিভাগত দুৰ্নীতি কৰাটোৱে নিয়মত পৰিণত হৈছে। সেই পৰ্বতঝোৰা বন সংমণ্ডলৰ বিষয়াক মেনেজ কৰি এইদৰে একাংশ বনদস্যুয়ে চলাই গৈছে বন ধ্বংস। সকলোবোৰ দেখিও নেদেখা ভাও বিয়াগোম বিভাগটোৰ। যাৰ ফলত অবৈধ কেইবাটাও কাঠফলা মিলে দিনে ৰাতিয়ে চলাই গৈছে বন ধ্বংস।

Back To Top