Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
এই বছৰৰ দূৰ্গা পূজাত দূৰ্ঘটনা কম
যান বাহন আৰক্ষী আৰু ১০৮ মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি কৰুণাৰ ভয়াবহতাৰ বাবে সংশোধিত এইবাৰৰ দূৰ্গা পূজাত পথ দূৰ্ঘটনাৰ সংখ্যা বহুত কম । গুৱাহাটী যান বাহন আৰক্ষীৰ মতে ২১ ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত হোৱা দূৰ্ঘটনাৰ সংখ্যা ১৭, ইয়াৰে ৩ টা গুৰুতৰ আৰু ১৪ টা সাধাৰণ। মৃত্যুৰ সংখ্যা ৩। ১২ জন আঘাতপ্ৰাপ্ত। জালুকবাৰী আৰক্ষী চকীত আছে বেছি দূৰ্ঘটনা। য’ত ২ জনৰ মৃত্যু আৰু ৭ জন আঘাতপ্ৰাপ্ত।
আনহাতে ১০ মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি ২৩ ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত গুৱাহাটীত সংঘটিত দূৰ্ঘটনাৰ সংখ্যা ৪। আনহাতে অসমত সংঘটিত হৈছে সৰ্বমুঠ ৩০১ টা দূৰ্ঘটনা, যোৱা বছৰ সংঘটিত হৈছিল ৪৭১ টা। ৩৯ টা দূৰ্ঘটনাৰে শোণিতপুৰত সংঘটিত হৈছে সৰ্ব্বোচ্চ দূৰ্ঘটনা, ইয়াৰে ১৮ টা কেৱল দশমীত। কামৰূপ গ্ৰাম্যত ৩২ টা আৰু নগাও জিলাত ২১ টা।