The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ সংবাদমেলঃ ৰেলৰ ব্যক্তিগতকৰণৰ বিৰোধীতা
এন.এন ব্যুৰ ৪ মাৰ্চ: আজি গুৱাহাটী প্ৰেছ ক্লাৱত এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নে আয়োজন কৰে এক সংবাদমেলৰ। এই সংবাদমেলত এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱেমেনচ ফেদাৰেচনৰ সভাপতি ৰাখল দাস গুপ্তাই ৰেলৰ ব্যক্তিগতকৰনৰ তীব্ৰ বিৰোধিতা কৰে। তেও কয় যে কেন্দীয় চৰকাৰ আৰ ৰেল মন্ত্ৰালয়ে ৰেল বিভাগৰ চাকৰি সমূহ পোনপটীয়া নিযুক্তি দিয়াৰ পৰিবৰ্তে বিবিন্ন ঠিকাদাৰক গতাই দিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰেল মন্ত্ৰালয়ে তিনিখনকৈ ৰেল আই. আৰ. চি. টি. চিক হস্তান্তৰ কৰিছে। ফলত এই তিনিখন ৰেলৰ যাত্ৰী ভাৰা ৰেলবিভাগৰ অধীনত চলাচল আন ৰেলৰ তুলনাত ৫০ শতাংশ বেছি।