Kagithane-Istanbul Airport Subway, Turkey's fastest subway, was officially put into service a short time ago.…
এমানুৱেল কাৰ্পেন্তিয়েৰ আৰু জেনিফাৰ এ দোদনালৈ ৰসায়নৰ নোবেল
এমানুৱেল কাৰ্পেন্তিয়েৰ আৰু জেনিফাৰ এ দোদনালৈ ৰসায়নৰ নোবেল
ভাৰতীয় সময়মতে মঙ্গল বাৰে বিয়লি ৩ বাজি ৩০ মিনিটত ঘোষণা কৰা হৈছে ৰসায়নৰ নোবেল। ২০২০ বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে দুই মহিলা বিজ্ঞানী ফান্সৰ এমানুৱেল
কাৰ্পেন্তিয়েৰ আৰু আমেৰিকাৰ জেনিফাৰ এ দোদনালৈ। সম্প্ৰতি এমানুৱেল কাৰ্পেন্তিয়েৰ হৈছে জাৰ্মানীৰ বাৰ্লিনৰ মেক্সপ্লেন ইনস্টিটিউট ফৰ ছায়েন্স অব পেথুজেনৰ সঞ্চালক আৰু জেনিফাৰ এ দোদনা আমেৰিকাৰ বাৰ্কলে বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। উল্লেখযোগ্য যে দুই বিজ্ঞানীলৈ জিন এডিটিং এক পদ্ধতি উদ্ভাৱনৰ স্বীকৃতিস্বৰূপে আগবঢ়োৱা হৈছে এইবাৰৰ ৰসায়নৰ নোবেল। এই আৱিস্কাৰৰ ফলত কেন্সাৰৰ লগতে আন কেতবোৰ জিনীয় ৰোগৰ চিকিৎসাত সফল হ’ব পৰা যাব বুলি আশা কৰা হৈছে।