The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
ওলমি থকা অৱস্থাত উদ্ধাৰ কিশোৰ-কিশোৰীৰ মৃতদেহঃ উদাৰবন্দত চাঞ্চল্য
এন.এন ব্যুৰো, ১৭ মাৰ্চঃ উদাৰবন্দ বিধানসভা সমষ্টিৰ দ্বিগুণ চাহ বাগিচাত ওলমি থকা অৱস্থাত এহাল কিশোৰ-কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্দেহ কৰা হৈছে যে, এই ঘটনাৰ আৰত আছে এক প্রেমৰ কাহিনী। ১৫ বছৰীয়া বিবেক ভূমিজ আৰু ১৪ বছৰীয়া কল্পনা ভূমিজৰ মৃতদেহ বিবেকৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত্বত এটা টিলাত থকা এজোপা গছৰ ডালত ওলমি থকা অবস্থাত উদ্ধাৰ হয়। দেওবাৰে বিবেকে তেওঁৰ নবৌয়েকৰ ঘৰলৈ গৈছিল আৰু সোমবাৰে উভতি আহোতে লগত কল্পনাক লৈ আহিছিল। আজি পুৱাৰভাগত একেলগে বিবেক আৰু কল্পনাৰ আত্মহত্যাই এক ৰহস্যৰ সৃষ্টি কৰিছে। খবৰ পাই উদাৰবন্দ আৰক্ষী গৈ মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ধাৰণা কৰা হৈছে, প্রেমত বাধা দিয়াৰ কাৰণতেই হয়তো আত্মহত্যাৰ পথ বাছি লৈছে বিবেক আৰু কল্পনাই।