The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
কংগ্ৰেছ ক্ষমতালৈ নাহিলে কাণ কটা যাব আৰ, পি শৰ্মাৰ
কংগ্ৰেছ দল ক্ষমতালৈ নাহিলে নিজৰ কাণ কাটি পেলাব প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই। কংগ্ৰেছ দলৰ কৰ্মীসকলে ত্যাগ স্বীকাৰ কৰি কাম কৰি যোৱাৰ পিছতো যদি তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ নাহে, তেতিয়া আৰ পি শৰ্মাই নিজৰ কাণ কাটি পেলোৱাৰ কথা প্ৰকাশ কৰিলে বাইহাটা চাৰিআলিত অনুষ্ঠিত দলীয় সভাত। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছৰ পৰাই বিভিন্নধৰণৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা প্ৰাক্তন সাংসদগৰাকীয়ে কয়- আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্তত ৬০ খন আসন লাভ কৰিব। আনহাতে, বিজেপিৰ একাংশ নেতাই বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি জোৰ জুলুমকৈ মানুহৰ মনত এটা ধাৰণা সুমুৱাই দিব বিচাৰিছে বুলিও অভিযোগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। বিজেপিৰ একাংশ নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মোগল আখ্যা দিয়াৰ জৰিয়তে সমগ্ৰ আহোম জাতিকে অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে আৰ পি শৰ্মাই।