skip to Main Content

ক’ত ৰ’বগৈ ক’ৰ’ণা ? ১০ হাজাৰৰ অধিক মৃত্যু, ২ লক্ষাধিক আক্ৰান্ত

এন. এ. ব্যুৰো ১৯ মাৰ্চঃ বিশ্বত এতিয়া ক্ৰমান্বয়ে বৃদ্বি পাইছে অতিমাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ । দিনক দিনে বৃদ্ধি পাইছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা । বৰ্তমানলৈ সমগ্ৰ বিশ্বত ক’ৰ’ণা আক্ৰান্ত ৰেগীৰ সংখ্যা ২,২৬,৫০৪ গৰাকী আৰু মৃত্যুৰ সংখ্যা ৯২৮৬ । বৰ্তমানলৈকে ভাৰতবৰ্ষত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত সংখ্যা ১৭১ জনলৈ বৃদ্ধি পোৱাৰ লগতে ৫ জনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে । ইফালে ভয়াবহ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মেঘালয়ৰ পৰ্যটণস্থলী ৩১ মাৰ্চলৈকে বন্ধ কৰি দিয়া হৈছে ।আনফালে ভাৰত চৰকাৰে ৬৫ বছৰৰ অধিক আৰু ১০ বছৰতকৈ কম বয়সীয়া লোকক ঘৰতে থাকিবলৈ আৰু সাৱধানতা অৱলম্বণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । ইতিমধ্যে ২২ মাৰ্চৰপৰা বলবৎ হোৱাকৈ দেশত বন্ধ কৰি দিয়া হৈছে সকলো আন্তৰাষ্টীয় বিমান সেৱা । ভাতীয় ৰে’লৱেই কৰ্তন বা সীমিত কৰিছে বহুসংখ্যক ৰে’লসেৱা ।

Back To Top