Kagithane-Istanbul Airport Subway, Turkey's fastest subway, was officially put into service a short time ago.…
ক’ভিড ১৯ ভুক্তভোগী নিৰ্ণয়ত আৰোগ্য সেঁতু এপ
বিশ্ব স্বাস্হ্য সংস্হাৰ প্ৰৱন্ধ নিৰ্দেশক অধানম ঘেব্ৰেয়েছুচে ব্যক্ত কৰে যে আৰোগ্য সেঁতু এপে ক’ভিদ ১৯ ৰোগী নিৰ্ণয়ত স্বাস্হ্য সংস্থা সমূহক সহায় কৰিব। তেওঁ কয় যে ইয়াৰ দ্বাৰা ক’ভিড ১৯ ৰ শৃংখল ভঙাৰ লগতে আত্মসুৰক্ষাও প্ৰদান কৰিব। এইবোৰ কামৰ বাবে ম’বাইল এপে সুদুৰপ্ৰসাৰী ভূমিকা পালন কৰিব ফলস্বৰূপৰ কৰুণা সংক্ৰমণ ব্যৰ্থ হ’ব। ইতিমধ্যে ১৫০ মিলিয়ন ভাৰতীয়ই ডাউনলোড কৰিছে। ইয়ে কৰুণা সংক্ৰমণ ব্যাঘাতত ধনাত্মক ভূমিকা পালন কৰিছে।ইতিমধ্যে বিশ্ব স্বাস্হ্য সংস্হাই ডিজিটেল মাধ্যমেৰে কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ গুৰুত্ব আৰোপ কৰিছে বুলি ঘেব্ৰেয়েছুচে মত পোষণ কৰিছে।ইতিমধ্যে এপ্ৰিল মাহত মুকলি কৰা আৰোগ্য এপে জনতাৰ মাজত জনপ্ৰিয় হোৱাৰ লগে লগে কৰুণাৰ সংক্ৰমণো প্ৰতিহত হৈছে।