The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি চৰ চাপৰি অঞ্চলৰ সংগ্ৰহালয় সম্পৰ্কে মতামত দি কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে এই কথা স্পষ্ট কৰিছে যে কোনো কাৰণতে শংকৰদেৱ কলাক্ষেত্ৰত চৰ-চাপৰিৰ সংগ্ৰহালয় পাতিবলৈ দিয়া নহ’ব । চৰ অঞ্চলত কোন থাকে সকলোৱে জানে ! ধৰ্মীয় সংখ্যালঘুৰ বাহিৰে চৰ অঞ্চলত কোনো নাথাকে । আনহাতে চাপৰি অঞ্চলত অসমীয়া , ভূমি পুত্ৰ সকল থাকে । চৰ আৰু চাপৰি এই দুটা ধাৰণা বেলেগ । এই অঞ্চলৰ বাবে কিবা কৰিব লাগে যদি তাৰ বাবে নিৰ্দিষ্ট বিভাগ আছে তেওঁলোকে কৰিব কিন্তু শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে এই সংগ্ৰহালয় পাতিব্লৈ নিদিয়ে আৰু এই কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা নিশ্চিত কৰিছে ।
“আগন্তুক দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন মুছলমান শিষ্য আছিল চান্দসাই । তেওঁৰ সৃষ্টিৰাজি যদি উদ্ধাৰ হয় তেন্তে তাক কলাক্ষেত্ৰত স্থান দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷” বুলি ৰঞ্জিত শৰ্মাই মন্তব্য দিয়ে ৷