The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
কাইলৈ গুৱাহাটীত স্তব্ধ হ’ব CAB
সমগ্র ৰাজ্যকে ধৰি গুৱাহাটী মহানগৰীৰ খানাপাৰাত অহা ২৯ অক্টোবৰত দিনজোৰা কার্যসূচীৰে কেব চালক সন্থাই বহিঃৰাজ্যৰ পৰা অসমলৈ প্রৱেশ কৰা মূল পথসমূহ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰিব৷ ক’ৰোনা মহামাৰী অজুহাতত অসমৰ পৰা বহিঃৰাজ্যলৈ কেব তথা অন্যান্য যাত্রীবাহী বাহন প্রৱেশ কৰিবলৈ বাধা আৰোপ কৰাৰ বাবে কেব চালক সন্থাই এই কার্যসূচী গ্রহণ কৰিছে৷
এই সন্দর্ভত কেব চালক সন্থাৰ সম্পাদক ইছমাইল আলীয়ে জানিবলৈ দিয়া মতে বিগত সময়ছোৱাত মেঘালয় আৰক্ষীয়ে অসমৰ পৰা কেব আৰু টেক্স প্রৱেশ কৰাত বাধা আৰোপ কৰাৰ লগতে চালকসকলক নির্যাতন চলাই আহিছে৷ এইক্ষেত্রত কেব চালক তথা মালিকসকলে অসম আৰক্ষীৰ লগতে বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক স্মাৰক–পত্র প্রেৰণ কৰি বিহিত ব্যৱস্থা গ্রহণৰ বাবে আহ্বান জনাইছিল যদিও এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷
সেয়েহে পথ পৰিবহণৰ লগত জড়িত বিভিন্ন সংগঠনৰ সহযোগত কেব চালকসকলে ২৯ অক্টোবৰত দিনজোৰা কার্যসূচীৰে পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰিব৷ উল্লেখ্য যে চৰকাৰ প্রশাসনে লকডাউন শিথিল কৰাৰ লগতে স্বাস্থ্য বিভাগে বান্ধি দিয়া ক’ভিড প্রট’কলৰ মাজতে যান–বাহন চলাচল কৰাৰ অনুমতি প্রদান কৰিছে যদিও এইক্ষেত্রত মেঘালয় চৰকাৰ তথা আৰক্ষী প্রশাসনে অসমৰ পৰা যোৱা বাহনসমূহ প্রৱেশ কৰাত বাধা আৰোপ কৰিছে৷
অসমৰ চালক আৰু যাত্রীসকলৰ ক’ভিড পৰীক্ষাৰ বাবে বিনামূলীয়া ক’ভিড পৰীক্ষা কেন্দ্র, সীমামূৰীয়া ঠাইত স্থাপন কৰাৰ উপৰি মেঘালয়ৰ পৰা অসমলৈ প্রৱেশ কৰা যাত্রী আৰু চালকৰ ক’ভিড পৰীক্ষা কৰাৰ সু–ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনাইছে কেব চালক সন্থাই৷ উক্ত প্রতিবাদী কার্যসূচীত অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱার্কার্ছ ফেডাৰেচন, অল গুৱাহাটী ট্যুৰিষ্ট টেক্সি ড্রাইভার্ছ ইউনিয়ন, কেব অপাৰেটৰছ সমন্বয় সমিতি, গ্রেটাৰ গুৱাহাটী ট্যুৰিষ্ট টেক্সি এছ’চিয়েচনকে ধৰি কেইবাটাও সংগঠনে সহযোগ কৰিব৷