The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
কাতি বিহুৰ বন্তি কত জ্বলাব মুখ্যমন্ত্ৰীয়ে
মঙলদৈৰ বামুণপাৰাৰ পথাৰত বন্তি প্রজ্বলন কৰি কাতি বিহু পালন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এগছি–দুগছি নহয়, এহেজাৰ চাকিৰে সন্ধিয়া উজলি উঠিব মঙলদৈৰ বামুণপাৰা পথাৰ৷ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব মুখ্যমন্ত্রী সোণোৱালে৷ কাতি বিহুৰ সন্ধিয়া বামুণপাৰা পথাৰত প্রায় এহেজাৰ মহিলাই চাকি জ্বলোৱা এই কার্যসূচীত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রীগৰাকীৰ এই বিশেষ কার্যসূচীৰ বাবে ইতিমধ্যে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, উপায়ুক্ত দিলীপ বৰুৱা, আৰক্ষী অধীক্ষক অমৃত ভূঞাই মোহনপুৰৰ পথাৰ পর্যবেক্ষণ কৰে৷ মঙলদৈৰ বামুণপাৰাৰ সমীপৱর্তী পথাৰত মহিলাসকলৰ এই কার্যসূচীত ক’ভিড প্রট’কল মানি সহযোগিতা কামনা কৰিছে দৰং জিলা প্রশাসনে৷