In a tragic incident a student of class 11 was killed in a hit-and-run accident…
কাৰাগাৰত অখিল গগৈৰ ৩০০ দিন
কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰত ৩০০টা দিন সম্পূৰ্ণ কৰিলে । ২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত অখিল গগৈক যোৰহাটত গ্ৰেপ্তাৰ কৰা হৈছিল ।
ইয়াৰ পিছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়া’ই ১৭ ডিচেম্বৰত কৃষক নেতাজনক গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছতে অখিল গগৈ বহু আইনী প্ৰক্ৰিয়াৰ মাজেৰে আহি আজি কাৰাগাৰত ৩০০দিন সম্পূৰ্ণ কৰে ।
উল্লেখ্য যে নিয়া’ৰ ওচৰত থকা দুটা গোচৰৰ চাবুৱা থানাৰ গোচৰত মিয়াৰ আদালতত জামিন লাভ কৰিছে অখিল গগৈয়ে । নিয়া’ৰ আন এটা গোচৰৰ জামিনৰ ক্ষেত্ৰত শুনানি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে ।