After a long bout of serious illness, former Pakistan President and chief of Army staff…
কাৰ্গিল যুদ্ধৰ সময়ত পাক সেনাৰ নাছিল কোনো অস্ত্ৰ – নৱাজ শ্বাৰিফ
পাকিস্তান অপজিচন-11 পাৰ্টি এলায়েঞ্চৰ তৃতীয় চৰকাৰ বিৰোধী ৰেলীৰ সময়ত পাকিস্তান মুছলিম লীগ প্ৰধান নৱাজ শ্বাৰিফে কৈছে যে ১৯৯৯ চনত ভাৰত পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সময়ত তেওঁলোকৰ হাতত অস্ত্ৰৰ সংখ্যা কম আছিল। তেওঁ উল্লেখ কৰে যে প্ৰতেক্ষদৰ্শী সকলৰ মতে সাহসী সৈন্যৰ মৃত্যু আৰু বিশ্বৰ সন্মুখত পাকিস্তানৰ অপমান আৰ্মিৰ বাবে হোৱা নাছিল, হৈছিল কিছু সংখ্যক মেজৰ জেনেৰেল অৰ্থাৎ উচ্চপদস্থ বিষয়াৰ বাবে। তেওঁলোকে কেৱল আৰ্মিকে নহয় সমগ্ৰ দেশ আৰু জাতিটোক যুদ্ধৰ সময়ত এনে এক অবস্হালৈ ঠেলি দিছিল য’ৰ পৰা উন্নতি অসম্ভৱ আছিল। তেওঁ কয় যে যেতিয়া তেওঁ জানিছিল যে তেওঁলোকৰ সৈন্যই অনাহাৰে থাকিও যুদ্ধ কৰিবলগীয়া হৈছিল তেতিয়া তেওঁৰ অন্তৰআত্মা শোকত ভাগি পৰিছিল। আনকি তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাছিল। তেওঁলোকে দেশৰ বাবে প্ৰাণ আহুতি দিলে কিন্তু বিনিময়ত দেশে কি পালে বুলি প্ৰশ্ন কৰে। কাৰ্গিল যুদ্ধত জড়িত থকা মেজৰ জেনেৰেল সকলক শাস্তি দিব লাগে বুলি তেওঁ মত পোষণ কৰে।