Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
কা বিৰোধী আন্দোলন সংশোধিত আছিল – মোহন ভাগৱত
RSS প্ৰধান মোহন ভাগৱতে কৈছে যে কা বিৰোধী আন্দোলন সংশোধিত আছিল। বিজয়া দশমী ভাষণ প্ৰসংগত ভাগৱতে যোৱা বছৰ সংঘটিত হোৱা ভালেসংখ্যক ঘটনা উল্লেখ কৰে। ইয়াৰ ভিতৰত কা বিৰোধী আন্দোলন, ভাৰত চীন সীমান্তৰ লগতে আন ঘটনাসমূহো ব্যক্ত কৰে। তেওঁ কয় যে চীনৰ সৈতে জয়ী হ’বলৈ ভাৰত আৰু অধিক শক্তিশালী হোৱাৰ প্ৰয়োজন আছে।
কা বিৰোধী আন্দোলনে দেশত অস্হিৰতাৰ সৃষ্টি কৰিছিল যদিও এতিয়া দেশবাসী কৰোণাক লৈ ব্যস্ত হৈ পৰিছে। তেওঁ কয় যে কা য়ে কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মক বিৰোধিতা কৰা নাই আৰু ইয়াৰ ভুল প্ৰচাৰ হৈছে। কা ৰ নামত এক আন্দোলন সংশোধন কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে।