Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
কিমাশ্বৰ্যম,খিলঞ্জীয়াৰ অধিকাৰ কাঢ়িলে কেন্দ্ৰীয় চৰকাৰে
জম্মু-কাশ্মীৰৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে কেন্দ্ৰই। কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত পৌৰ আৰু নগৰীয়া এলেকাত এতিয়াৰে পৰা যিকোনো ভাৰতীয় লোকে মাটি ক্ৰয় কৰিব পাৰিব। মাটি ক্ৰয় কৰিবলৈ স্থানীয় বাসিন্দা হোৱাৰ প্ৰয়োজন নহ’ব। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জানিবলৈ দিছে যে অঞ্চলটোৰ ঔদ্যোগিক বিকাশৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অৱশ্যে কৃষকৰ বাবে সংৰক্ষণ কৰা হৈছে কৃষি ভূমি। সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত ক্ৰমে জম্মু-কাশ্মীৰৰ স্বকীয়তাৰ ওপৰত কেন্দ্ৰই বিভিন্নধৰণে হস্তক্ষেপ কৰি আহিছে। ৰণবীৰ দণ্ডবিধি আইন প্ৰত্যাহাৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব অজয় ভাল্লাই জনোৱা মতে এতিয়াৰে পৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোত ভাৰতীয় দণ্ডবিধি আইন প্ৰযোজ্য হ’ব। কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ সংস্থাপনৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে।