The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
কৃষক বিৰোধী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানমৰ্মে আজি সমগ্ৰ অসমৰ প্ৰায় ২৭২ খন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিজেপি চৰকাৰৰ কৃষক বিৰোধী কলা আইন তিনিখনৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি প্ৰতিবাদী কার্যসূচী গ্রহণ কৰে৷ এই কাৰ্য্যসূচীৰ অংশস্বৰূপে বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়িত বিশাল প্ৰতিবাদী কার্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা অংশগ্রহণ কৰে । ৭৫ খন ট্রেক্টৰ, নাঙল, জুৱলী, মৈ লৈ সাব্যস্ত কৰা আজিৰ এই প্ৰতিবাদী কার্যসূচীত সভাপতি গৰাকীৰ লগতে সাংসদ আব্দুল খালেক, বিধায়ক শুকুৰ আলি, বিধায়ক শ্বেৰমান আলী, বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ লগতে কেইবাগৰাকী প্ৰাক্তন বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ বিষয় ববীয়া, জিলা কংগ্ৰেছৰ বহু বিষয়-ববীয়াৰ লগতে ৫ সহস্ৰাধিক নেতা-কর্মী উপস্থিত থাকে৷