skip to Main Content

কেতিয়া উপলব্ধ হ’ব কৰ’না ভাইৰাছৰ ভেকচিন?

কেতিয়া উপলব্ধ হ’ব কৰ’না ভাইৰাছৰ ভেকচিন? উদিগ্ন বিশ্বৰ মানৱ সম্প্ৰদায়।নেৰানেপেৰা গৱেষণা অব্যাহত ৰাখিছে বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিক মহলে। ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষবৰ্ধনে মংগলবাৰে কয় যে ভাৰতে অনাগত বৰ্ষৰ আৰম্ভণিতে কৰ’নাৰ ভেকচিন উপলব্ধ হোৱাৰ আশা কৰিব পাৰি ৷ তেওঁ লগতে কয়, “আশা কৰিছো আমাৰ লগত এটাতকৈ বেছি কৰ’নাৰ ভেকচিন উপলব্ধ হ’ব ।”

উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ২০২১ৰ প্ৰথম তিনিমাহৰ ভিতৰত কৰ’নাৰ ভেকচিন উপলব্ধ হোৱাৰ কথা সদৰী কৰিছিল । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে মন্ত্ৰী পৰিষদৰ বৈঠকত কয়, “আমি আশা কৰিছো যে অনাগত বৰ্ষৰ আৰম্ভণিতে বিভিন্ন দেশত কৰ’নাৰ ভেকচিন উপলব্ধ হ’ব ৷ দেশক ভেকচিনৰ বিতৰণ কেনেদৰে কৰা হ’ব সেই সন্দৰ্ভত বিভিন্ন বিশেষসকলে ৰণনীতি তৈয়াৰ কৰি আছে । এই সময়ত কৰ’না ভেকচিনৰ প্ৰি ক্লিনিকেল ট্ৰায়েল এডভান্স ষ্টেজত আছে ৷”

ইয়াৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় “ভাৰতত ক’ভিড-১৯ৰ ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।” তেওঁ কয় “ৰোগীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে বহু গৱেষণাৰ প্ৰয়োজন হ’ব ৷ তাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ লগতে বৃহৎ জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত এটা কোম্পানীয়ে প্ৰস্তুত কৰা ভেকচিনৰ পৰিমাণ সীমিত হ’ব। ইয়াৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতিৰ প্ৰয়োজন ।” এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ ।

Back To Top