The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
কেতিয়া বিবেক বিক্ৰী কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই
ৰাজ্যসভাৰ সাংসদ হোৱাৰ দিনাই অজিত কুমাৰ ভূঞাই বিবেক-জ্ঞান সকলো বিক্ৰী কৰি থৈছিল। এয়া এক নিৰ্লজ আত্মসমৰ্পণ বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যসভাৰ সাংসদ হোৱাৰ দিনাই অজিত ভৃঞাই বিবেক বিক্ৰী কৰি থৈছিল। আজমলক মুখ্যমন্ত্ৰী পতা, আৰবী ভাষাৰ বেনাৰ প্ৰস্তুত কৰা, মিঞা মিউজিয়াম এইবোৰ হঠাত কোৱা কথা নহয়, এয়া আমাৰ ওপৰত এক প্ৰণালীবদ্ধ আক্ৰমণ।
অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ হোৱাৰ দিনতে মই কৈছিলো যে এয়া নিৰ্লজ আত্মসমৰ্পণ। গতিকে আত্মসমৰ্পণ কৰাৰ পাছত তেওঁৰ বন্দনা আৰু ভজন কৰাৰ বাহিৰে বিকল্প নাই। গতিকে তেওঁ সেইটো কামেই কৰিছে আৰু কৰিব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত কয় মন্ত্ৰী ড০ শৰ্মাই।