skip to Main Content

কেব আৰু ‘কা’ ৰ পিছত এইবাৰ ক’ৰ’ণাঃ আকৌ এবাৰ স্হগিত হ’ল গুৱাহাটী গ্ৰন্হমেলা

এন.এন ব্যুৰো ৯ মাৰ্চঃ সমগ্ৰ বিশ্বত এতিয়া কেৱল ক’ৰ’ণা ভাইৰাছৰ আতংক। ৰঙৰ উত্সৱতো এইবাৰ দেখিবলৈ পোৱা গৈছে ক’ৰ’ণাৰ প্ৰভাৱ। গুৱাহাটীৰ ব্যস্ত ৰাজপথ ফাকুৱাৰ এই বতৰত আগে পিছে ৰঙত ৰঙীন হৈ উঠে। কিন্তু ইয়াৰ বিপৰীতে ৰঙ বলীয়া ৰাইজ এইবাৰ ওলাই নাহিল মহানগৰীৰ ৰাজপথলৈ। ফাকুৱাৰ উত্সাহ যেন এইবাৰ ম্লান হৈ পৰিছে ক’ৰ’ণাৰ আতংকত। আনহাত, প্ৰতিবছৰে ফাকুৱাৰ সময়ত মানুহেৰে ভৰি থকা ৰঙৰ দোকানসমুহত এইবাৰ নাই গ্ৰাহকৰ ভিৰ। ফাকু খেলিলে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ভয় সকলোৰে। ইতিমধ্যে ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে পিছুৱাই দিয়া হৈছে কাজিৰঙা মহোত্সৱ; লগতে মহানগৰীত স্হগিত কৰা হৈছে ৩৩ তম গুৱাহাটী গ্ৰন্হমেলা।

Back To Top