Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
কেৰেলাৰ পৰা কক্সবাজাৰঃ ভাৰতীয় উপমহাদেশত ক’ৰোণাৰ তাণ্ডৱ
এন.এন ব্যুৰো, ৯ মাৰ্চঃ বাংলাদেশত পোৱা গৈছে ক’ৰোণাত আক্ৰান্ত ৰোগী। বৰ্তমানলৈকে তিনিজন লোকৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ কথা স্বীকাৰ কৰে সংশ্লিষ্ট বিভাগে। তিনিজন ক’ৰোণাত আক্ৰান্ত ৰোগীৰ মাজত আছে এগৰাকী মহিলাও। আক্ৰান্ত তিনিজনৰ দুজন সম্প্ৰতি ইটালীৰ পৰা আহি উপস্থিত হৈছিল বাংলাদেশত আৰু এই দুজনৰ পৰাই তৃতীয়জনৰ দেহত সংক্ৰমিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, বৰ্তমানলৈকে ইটালীত ক’ৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৩৩ জন। আনহাতে ভাৰতত যিসকল লোক আক্ৰান্ত হৈছে সেইসকলৰ বেছিভাগেই ইটালীৰ নাগৰিক অথবা ইটালীৰ পৰা ভ্ৰমণ কৰি অহা ভাৰতীয়। এই পৰ্যন্ত ভাৰতত ৪০ জন লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।