Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
কেৰেলা শ্ৰেষ্ঠ পৰিচালিত ৰাজ্য
শুকুৰবাৰে সাৰ্বজনিক নিষ্পত্তি কেন্দ্ৰৰ প্ৰকাশিত তথ্য অনুসৰি বৃহৎ ৰাজ্যৰ শাখাত পৰিচালনাৰ দিশৰ পৰা শ্ৰেষ্ঠ ৰাজ্য হৈছে কেৰেলা। দ্বিতীয় স্হানত আছে তামিলনাডু আৰু তৃতীয় স্হানত আছে অন্ধ্ৰ প্ৰদেশ । আনহাতে তালিকাৰ একেবাৰে শেষত আছে উত্তৰ প্ৰদেশ । বিহাৰ আৰু উৰিষ্যা শেষৰ পৰা দ্বিতীয় আৰু তৃতীয় স্হানত আছে।
আনহাতে ক্ষুদ্ৰ ৰাজ্যৰ শাখাত পৰিচালনাৰ দিশত শ্ৰেষ্ঠ ৰাজ্য হৈছে গোৱা আৰু একক অঞ্চলত শ্ৰেষ্ঠ হৈছে ছণ্ডিগড়। তথ্য মতে যোৱা বছৰৰ শ্ৰেষ্ঠ ৰাজ্য কেৰেলাৰ ১.০১১ নম্বৰৰ পৰা এইবছৰ ১.৩৪৯ লৈ বৃদ্ধি হৈ শ্ৰেষ্ঠ স্হান দখল কৰে। ১৮ খন বৃহৎ ৰাজ্যৰ ভিতৰত ৯ খনৰে ঋনাত্মক নম্বৰ, য’ত উত্তৰ প্ৰদেশৰ – ১.৪৬২। ক্ষুদ্ৰ ৰাজ্যৰ শাখাত মেঘালয় ০.৭৯৭ নম্বৰেৰে দ্বিতীয় আৰু হিমাচল প্ৰদেশ ০.৭২৫ নম্বৰেৰে তৃতীয় স্হানত আছে। শ্ৰেষ্ঠ গোৱাৰ প্ৰাপ্ত নম্বৰ ১.৭৪৬ । -০.৩৬৪ নম্বৰেৰে মনিপুৰ আৰু দিল্লী তালিকাৰ শেষত আছে।