Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
কোকৰাঝাৰত বিজেপিৰ অনসুচিত জনজাতি মৰ্চাৰ কাৰ্যনিবাহক
কোকৰাঝাৰ উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনিষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ অনূসুচিত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। সভাত ৰাজ্যিক অনূসুচিত জনজাতি মৰ্চাৰ ৪৫ খন জিলাসমিতিৰ ডেৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰিব। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্ত্ততি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে বুলি বিজেপিৰ অনূসুচিত জনজাতি মৰ্চাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেদাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি কেইবাজনো সাংসদ, মন্ত্ৰী, বিধায়ক লগতে ৰাজ্যিক বিষয়ববীয়া উপস্হিত থাকিব।