Air pollution levels that significantly dropped in Türkiye’s most populated city during the COVID-19 outbreak…
ক্ৰিকেটাৰ কপিল দেৱ হৃদৰোগত আক্ৰান্ত
খ্যাতিমান ক্ৰিকেটাৰ কপিল দেৱ হৃদৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে ক্ৰিকেটাৰ গৰাকীয়ে কেইদিনমানৰ পৰা নিজৰ জীৱনৰ ওপৰত আধাৰিত তথ্য চিত্ৰৰ কামত ব্যস্ত হৈ আছিল। ইতিমধ্যে সামাজিক মাধ্যমত তেওঁৰ এই বাতৰি বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে তেওঁৰ আৰোগ্য কামনাৰে তেওঁলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। মধুমেহ ৰোগত ভূগি থকা ক্ৰিকেটাৰ কপিল দেৱ অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্হ হ’ব বুলি চিকিৎসক সকলে ব্যক্ত কৰিছে। ইতিমধ্যে দিল্লীৰ এখন হাস্পতালত ক্ৰিকেটাৰ গৰাকী চিকিৎসাধীন হৈ আছে।