Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
কয়লাৰ দাগ লগা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কাৰাগাৰলৈ
১৯৯৯ত ঝাৰখণ্ডত কয়লা ব্লকৰ অভিযোগত আজি প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক তিনি বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয়। দিলীপ ৰয়ৰ বাহিৰেও চিবিআইৰ বিশেষ আদালতে এই অভিযোগত অভিযুক্ত অন্য দুজন লোকক তিনিবছৰৰ বাবে কাৰাদণ্ড দিয়ে।বিশেষ ন্যায়াধীশ Bharat Prasharয়ে দোষী সাব্যস্ত হোৱা লোকসকলৰ বিৰুদ্ধে প্ৰত্যেকৰে ১০ লাখ টকাৰ জৰিমনা ঘোষণা কৰে। দিলীপ ৰয়ৰ উকীলে জামিন আৰু দোষী সাব্যস্তৰ বিৰুদ্ধে আদালতত আবেদন কৰাৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰত প্ৰকাশ। ১৯৯৯ত ঝাৰখণ্ডৰ গিৰিডিহস্থিত ব্ৰহ্মডিহা কয়লা ব্লকৰ চিটিএলৰ স’তে সম্পৰ্কিত ঘটনাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ নাম সাঙুৰ খাইছিল ।