At least 85 people have died of Japanese Encephalitis (JE) in Assam in the last…
ক’ৰ’ণাঃ ভিডিঅ কনফাৰেঞ্চিঙেৰে মোডীৰ বৈঠক
এন.এন ব্যুৰো, ২১ মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাস সৃষ্টিকাৰী ক’ৰ’ণা ভাইৰাছৰ ফলত বৰ্তমানলৈকে ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা ২৮৩ জনলৈ বৃদ্ধি পাইছে। জানিব পৰা মতে, ইয়াৰ ভিতৰত ৩৯ জন ৰোগী বিদেশী পৰ্যটক। ক’ৰ’ণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠকত মিলিত হয় আৰু বৈঠকত মোডীয়ে সকলো ৰাজ্যকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ২২ মাৰ্চৰ দিনটো প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক জনতা কাৰ্ফিউ হিচাপে মানিবলৈ ইতিমধ্যে আহ্বান জনাইছে। লক্ষ্যণীয়ভাবে শণিবাৰে নিশালৈ সমগ্ৰ বিশ্বজুৰি প্ৰায় ৩লাখ লোক ক’ৰ’ণা ভাইৰাছৰদ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১২হাজাৰৰো অধিক সংখ্যক লোকৰ।