The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
কৰুনাৰ ভেকচিন – স্বাস্হ্যমন্ত্ৰী ড’ শৰ্মা
অসমৰ স্বাস্হ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে কেন্দ্ৰই ৰাজ্যসমূহক আগন্তুক জানুৱাৰী আৰু জুলাই মাহত কৰুনাৰ ভেকচিনৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে এই ভেকচিন প্ৰথমে দুটা শ্ৰেণীৰ বাবে মূলতঃ উপলব্ধ হ’ব- আগশাৰীৰ স্বাস্হ্য কৰ্মী আৰু ৬০ উৰ্ধৰ ব্যক্তিৰ বাবে। ভেকচিন ৰাচিয়া আৰু ভাৰত বায়’টেকৰ উপৰিও বিভিন্ন উৎসৰ পৰা পোৱা যাব। দুসপ্তাহ আগতে মন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰী ড’ হৰ্ষবৰ্ধনলৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত শীঘ্ৰে কৰুনাৰ ভেকচিনৰ মানৱ পৰীক্ষাৰ বাবে লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছিল। মঙলবাৰে তেওঁ কয় যে কেন্দ্ৰই কোৱা মতে মানৱ দেহত কৰুনাৰ এই ভেকচিনৰ পৰীক্ষা নহ’লেও এইবিধ কৰুনাৰ নিশ্চিত ভেকচিন য’ত সফলতা নিশ্চিত । লগতে তেওঁ উল্লেখ কৰে যে কেন্দ্ৰই জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত কৰুনাৰ ভেকচিনৰ বাবে ৰাজ্যসমূহক সাজু হ’বলৈ আহ্বান জনাইছে।