The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
কৰোণাৰ আতংকঃ ২৯ মাৰ্চলৈকে বন্ধ সকলো শিক্ষানুষ্ঠান
এন.এন ব্যুৰো, ১৫ মাৰ্চঃ সমগ্ৰ বিশ্বত এতিয়া কৰোণা ভাইৰাছৰ আতংক। বৰ্তমানলৈ অসমত এজনো লোক আক্ৰান্ত হোৱা নাই যদিও জনসাধাৰনক সজাগ কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৯ মাৰ্চলৈকে ৰাজ্যৰ সকলো চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। সোমবাৰৰ পৰা বন্ধ থাকিব সকলো স্কুল কলেজৰ লগতে শৰীৰচৰ্চা কেন্দ্ৰ, চুইমিংপুল আৰু অসমৰ প্ৰত্যেকটা ছবিগৃহ। ইতিমধ্যে বিভিন্ন শিক্ষাপৰিষদসমুহৰ পৰীক্ষাসমুহৰ বাহিৰে বাকী সকলোবোৰ পৰীক্ষা বাতিল কৰা হৈছে। ৰাজ্যৰ মুখ্যসচিৱ কুমাৰ সঞ্জয় কৃষ্ণই আজি এক সংবাদমেলযোগে এই কথা অৱগত কৰে। লগতে মুখ্য সচিৱ গৰাকীয়ে কৰোণা ভাইৰাছক লৈ ৰাজ্যবাসীক আতংকিত নহবলৈ আৰু জণসমাগমৰ পৰা আতৰি থাকিবলৈ আহ্বান জনায়।