skip to Main Content

ক’ৰোণা ভাইৰাছঃ ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

এন.এন ব্যুৰো, ১০ মাৰ্চঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টিকাৰী ক’ৰোণা ভাইৰাছক লৈ এতিয়া সৰ্বত্ৰ আতংকময় পৰিৱেশ। চীনৰ য়ুহান প্ৰদেশৰ পৰা বিশ্বত বিয়পি পৰা ক’ৰোনাৰ আতংকই এতিয়া চুই গৈছে ভাৰতকো। ভাৰতত বৰ্তমানলৈকে ৫৭ জন লোক আক্ৰান্ত হৈছে ক’ৰোণা ভাইৰাছত। চীন, দক্ষিণ কোৰিয়া, ইটালী আৰু ইৰানত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰদ্বাৰা। সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে তিনি সহস্ৰাধিকৰো অধিক লোকৰ মৃত্যু হৈছে ক’ৰোণাত। জন হপকিন্স বিশ্ববিদ্যালয়ৰ ক’ৰোণা ভাইৰাছ ৰিচাৰ্ছ চেণ্টাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি বৰ্তমানলৈকে ইৰানত ৬ হাজাৰ মানুহ আক্ৰান্ত হৈছে এই ক’ৰোণাত। চীনত আক্ৰান্তৰ সংখ্যা ৯০,০০০, দক্ষিণ কোৰিয়াত ৭,৩১৪, আৰু ইটালীত ৫,৮৮৩। ইটালীত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৩৬৬ জন। ইফালে, চীনত প্ৰতিদিনে মৃত্যুৰ হাৰ ৫০ জন থকাৰ বিপৰীতে এই মুহূৰ্তত মৃত্যুৰ গড় হাৰ প্ৰতিদিনে ২৪-২৫ জনলৈ হ্ৰাস পাইছে।

Back To Top