skip to Main Content

কৰোণা মানেই মৃত্যু নহয়

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ দেশত কৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতেই এইবাৰ অসমতো বিৰাজ কৰিছে আতংকই। ইতিমধ্যে সোমবাৰলৈকে ভাৰতবৰ্ষত মুঠ ১১৪ গৰাকী ব্যক্তিৰ দেহত COVID-19 ৰ উপস্হিতি নিশ্চিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্হ্য মন্ত্ৰালয়ে জনোৱা মতে ৰাজস্হানত তিনিজন ৰোগীসহ কৰোণাত আক্ৰান্ত ১৩ জন লোক সুস্হ হৈ উঠিছে। চাৰিজন কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীক ভৰ্তি কৰোৱা হৈছিল জয়পুৰৰ এখন চিকিত্সালয়ত। জানিব পৰা মতে চাৰিজন ৰোগীৰ ভিতৰত বৰ্তমানলৈ তিনিজন সুস্হ হৈ উঠিছে। আনহাতে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এক বিশেষ পত্ৰ যোগে ৩১ মাৰ্চলৈকে বায়’মেট্ৰিক ব্যৱস্হা বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে চৰকাৰী বেচৰকাৰী প্ৰতিটো প্ৰতিষ্ঠানকে। লগতে পৰ্যটকৰ বাবে বন্ধ কৰোৱা হৈছে পবিতৰাকে ধৰি ৰাজ্যৰ সকলো অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, চিৰিয়াখানা আদি। লক্ষণীয়ভাবে বিশ্বজুৰি এই পৰ্যন্ত ১,৫৭,২৯২ জন লোক কৰোণাত আক্ৰান্ত হৈছে । ইয়াৰে মৃত্যু হৈছে ৫,৮৮৪ জনৰ। বৰ্তমানলৈ আক্ৰানত সকলৰ ৭৫,৯৪১ জনক চিকিত্সকে সুস্হ কৰি তুলিবলৈ সক্ষম হৈছে।

Back To Top