মংগলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে এক বৃহৎ ঘোষণা। অসমীয়া মাধ্যমত মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ…
খলনায়ক বতা চৰাইঃ ফিলিপাইনছত বিয়পিছে ভয়াৱহ বাৰ্ড ফ্লু
এন.এন ব্যুৰো, ১৭ মাৰ্চঃ বিশ্বজুৰি চলি থকা ক’ৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে আহিছে অন্য এক ভয়ংকৰ ফ্লু। বটা চৰাইৰ পৰা বিয়পিছে এই ভাইৰাছ। ধৰা পৰিছে ফিলিপাইনছৰ উত্তৰ প্ৰান্তত আন এক ভয়াৱহ ফ্লু। এয়া বাৰ্ড ফ্লুৰ দৰেই বিয়পি পৰিছে বটা চৰাইৰ পৰা। এক তদন্তত পোহৰলৈ আহিছে যে এই ভাইৰাছো মানুহৰ বাবে হব পাৰে ক্ষতিকাৰক। এই ভাইৰাছ অতি সংক্ৰমক আৰু H5N6 ইনফ্লুৱেঞ্জা A ভাইৰাছৰ শ্ৰেণী বুলি ফিলিফাইনছৰ এগৰাকী মন্ত্ৰীয়ে জানিব দিয়ে। জানিব পৰা মতে ২০১৭ চনতো বিয়পিছিল বাৰ্ড ফ্লু। সূত্ৰ অনুসৰি কেৱল এখন ফাৰ্মতেই এই ঘটনা পোহৰলৈ আহিছে যদিও এই ভাইৰাছ অতি ভয়াৱহ। সেয়েহে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।