আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
খুচবু সুন্দৰ বিজেপিলৈ গমন
যশস্ৰী অভিনেত্ৰী তথা ৰাজনীতিবিদ খুচবু সুন্দৰে সোমবাৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰি সাংবাদিকৰ আগত তেওঁ ব্যক্ত কৰে যে ৰাষ্ট্ৰৰ সঠিক প্ৰগতিৰ বাবে দেশক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে নেতাৰ প্ৰয়োজন। তেওঁৰ মত অনুসৰি দলৰ নামতকৈও দেশৰ জনতাৰ হকে কাম কৰা দল বেছি জৰুৰী। ভাৰতৰ প্ৰায় ১২৮ কোটি মানুহে বিশ্বাস কৰা একমাত্ৰ ব্যক্তি যিহেতু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গতিকে নিশ্চিতভাৱে তেওঁলোকে জনতাৰ হকে কাম কৰিছে বুলি মত পোষণ কৰে। তথ্য অনুসৰি ২০১৯ বৰ্ষৰ তামিলনাডুৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈছিল খুচবু সুন্দৰ আৰু ২০২১ বৰ্ষত নিৰ্বাচনত বিজেপিয়ে খুচবুক টিকট দিম বুলি প্ৰতিজ্ঞা কৰিছে।