Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
খ্যাতি মান ছবি পৰিচালক গৌৰী বৰ্মনৰ মৃত্যু
যশস্ৰী অসমীয়া ছবিৰ পৰিচালক গৌৰী বৰ্মনৰ শুকুৰবাৰে পূৱা ৮৪ বছৰ বয়সত মৃত্যু হয়। অসমৰ প্ৰাক্তন মন্ত্ৰী ৰমিনী বৰ্মনৰ ভাতৃ গৌৰী বৰ্মন মৃত্যুৰ সময়ত গুৱাহাটীৰ তৰুণ নগৰৰ নিজা বাসভৱনত আছিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে টুইটাৰত প্ৰেৰণ কৰিছে শোকবাৰ্তা। অপাৰেজেয়, হৃদয়ৰ প্ৰয়োজন , অপৰাজিতা , অপঞ্জন, জীৱন জেউতি আদি তেওঁৰ পৰিচালিত ছবিয়ে প্ৰতিজন অসমীয়াৰ মনতে সাঁচ বহুৱাবলৈ সক্ষম হৈছে।কেইবাখনো আলেখ্য আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰিচালকো আছিল প্ৰয়াত বৰ্মন। তেওঁৰ মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি।