Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
খ্ৰীং খ্ৰীং বাই-থ’ পুজা
এন.এন ব্যুৰো,১ মাৰ্চঃ সোনোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাই-থ’ পুজা আজিৰ পৰা সমগ্ৰ অসমৰ বাই-থ প্ৰাংগনত অনুষ্ঠিত হয়; আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যেগত লক্ষিমপুৰ জিলা প্ৰশাসন আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত গজাই মনাই ক্ষেত্ৰ বগীনদীত দুদীনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে। লগতে গুৱাহাটীতো সোনোৱাল কছাৰী সমাজে সোণাই ঘোলী বাই-থ প্ৰাংগনত এদিনিয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে।