skip to Main Content

গামোচাৰ মাস্কঃ গহপুৰৰ উদ্যমীৰ ব্যতিক্ৰমী প্ৰচেষ্টা

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ ক’ৰোণা ভাইৰাছৰ আতংকৰ পাছতে ভাৰতৰ লগতে অসমটো মাস্ক আৰু ছেনিটাইজাৰৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু পৰ্যাপ্ত পৰিমানে ফাৰ্মাচী বা বজাৰসমূহত মাস্ক আৰু ছেনিটাইজাৰ উপলব্ধ নোহোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। বজাৰৰ ব্যয়বহুল মাস্ক ভিতৰুৱা অঞ্চলৰ লোকে তথা সাধাৰন লোকে ক্ৰয় কৰিব নোৱাৰাৰ বাবে গহপুৰত এজন ব্যক্তিৰ ব্যতিক্ৰমি প্ৰচেষ্টা। ক’ৰোণা ভাইৰাছৰ বাবে গামোচাৰে মাস্ক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে গহপুৰৰ ফনিন্দ্ৰ প্ৰধান নামৰ লোকজন৷ ইতিমধ্যে বহু মাস্ক মেচিনেৰে চিলাই সেইসমূহ ডেটল পানীৰে ধুই মুখত পিন্ধিব পৰাকৈ তৈয়াৰ কৰি উলিয়াইছে লোকজনে৷ এনেধৰণে দিনে নিশাই মাস্ক বনোৱাত ব্যস্ত হৈ থকা ফনিন্দ্ৰ প্ৰধানে একোখন মাস্ক বহু কম দামতে বিক্ৰী কৰিছে গ্ৰাহকক৷ যাৰ বাবে অঞ্চলটোৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মাস্কে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষ্যণীয় যে ক’ৰোণাৰ ভয়ত কোনো সুস্থ মানুহে মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা নাই বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে।

Back To Top