The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
গুবাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙঃ ভূমিপূজন সম্পন্ন
এন.এন ব্যুৰো, ১ মাৰ্চঃ বহু প্ৰত্যাশিত গুবাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আজি ভূমিপূজন সম্পন্ন হ’ল। আশা কৰা অনুসৰি উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰকে ধৰি বাণিজ্যক্ষেত্ৰলৈও নতুন বাৰ্তা কঢ়িয়াই আনিব এই দলঙে। ১৬০০ মিটাৰ দৈৰ্ঘৰ এই দলংখনত মুঠ ব্যয় হ’ব ২৬০০ কোটি টকা। ইয়াৰ লগতে গুৱাহাটীৰ উত্তৰপাৰলৈকে সম্প্ৰসাৰণ হ’ব গুৱাহাটী মেট্ৰ’পলিটান চিটী। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ যাতায়াত মাত্ৰ ১৫ মিনিটতে সম্পন্ন হ’ব। ৬ লেনযুক্ত এই দলংখন নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠানত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ একাধিক সতীৰ্থ আৰু অন্যান্য সকল। এই দলঙৰ জৰিয়তে আই.আই.টি গুৱাহাটী আৰু এইমছৰ সৈতেও ক্ষীপ্ৰ সংযোগ ঘটিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।