In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
গুৱাহাটিত ডি. ৰাজাঃ কা, এন.পি.আৰৰ তীব্ৰ বিৰোধীতা
এন.এন ব্যুৰো, ৩ মাৰ্চঃ আজি গুৱাহাটীস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত জেষ্ঠ চি.পি.আই নেতা ডি.ৰাজাই এক সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ শাসনাধিষ্ঠ বি.জে.পি চৰকাৰখনক তুলাধূনা দিয়াৰ লগতে কিছু দাবীও উত্থাপন কৰে। ৰাজাই এন.পি.আৰৰ বিৰোধীতা কৰাৰ উপৰি অখিল গগৈক অনতিপলমে মুক্তিৰ দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে কাশ্মিৰত এতিয়া সম্পূৰ্ণ শান্তি বিৰাজমান বুলি কোৱা কথাটোক কটাক্ষ কৰি ডি.ৰাজাই অভিযোগ কৰি কয় যদি কাশ্মিৰত শান্তি বিৰাজিত তেন্তে মেহবুবা আৰু ফাৰুক আব্দুলাক কি যুক্তিত বন্দি কৰি ৰাখিছে। ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰো তীব্ৰ বিৰোধীতা কৰে চি.পি.আইয়ে।