In a tragic incident a student of class 11 was killed in a hit-and-run accident…
গুৱাহাটি প্ৰেছ ক্লাবৰ নিৰ্বাচন ১২ মাৰ্চত
এন. এন ব্যুৰো ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্বাচনৰ ঢৌ। প্ৰেছ ক্লাবৰ সাধৰন নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে এক সংবাদমেল যোগে অধিসুচনা জাৰি কৰা হয়। মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হব এই নিৰ্বাচন। মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে উপ-সভাপতি আৰু সাধৰণ সম্পাদকৰ পদ দুটি। ইতিমধ্য প্ৰকাশ পাইছে ভোটাৰৰ সম্পুৰ্ণ তালিকা। নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহন কৰাৰ বাবে প্ৰাথী সকলে ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চৰ আবেলি ৩ বজাৰ ভিতৰত মনোনয় পত্ৰ দাখিল কৰিব লাগিব। ২ মাৰ্চৰ আবেলি ৩ বজাত দাখিল কৰা মনোনয় পত্ৰ সমুহ পৰীক্ষা কৰা হ’ব।
উল্লেখ্য যে, ১২ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা ভোটগ্ৰহন অনুষ্ঠিত হ’ব। লগতে সেই দিনটোতেই ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। গুৱাহাটী প্ৰেছ ক্লাবৰ ১০ গৰাকী সদস্যক নিৰ্বাচন কৰিব মুঠ ৭৯৮ গৰাকী ভোটাৰে। সুদীৰ্ঘ ১৮ বছৰ পিছত অনুষ্ঠিত হব লগা নিৰ্বাচনক লৈ এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ ভোটাৰ সকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ।
আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবৰ বৰ্তমানৰ সাধৰন সম্পাদক নৱ ঠাকুৰীয়াই এই নিৰ্বাচন সন্দৰ্ভত কোনোধৰণৰ মন্তব্য দিবলৈ অস্বীকাৰ কৰে।