Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
গুৱাহাটীত আয়োজিত হৱ আন্তৰাষ্টীয় সংগীত সমাৰোহ
এন.এন ব্যুৰো ২৫ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীক দক্ষিন পূব এছিয়াৰ সংগীত কেন্দ্ৰ কৰি তুলিবলৈ সাজু হৈছে চতুৰ্থ গুৱাহাটী ইন্টাৰনেচনেল মিউজিক ফেচষ্টিভেল। ২৮ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হব ইন্টাৰনেচনেল মিউজিক ফেষ্টিভেলৰ বিভিন্ন কাৰ্যসুচী।
ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট কাউন্সিলৰ সহযোগিতাত ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটিয়ে আয়োজন কৰা চতু্ৰ্থ গুৱাহাটী ইন্টাৰনেচনেল মিউজিক ফেষ্টিভেলত ৬ খন দেশৰ ৫০০ ৰো অধিক শিল্পীয়ে অংশগ্ৰহন কৰিব আৰু এছিয়াৰ ১০ খনৰো অধিক দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহনেৰে এই অনুষ্টান মুখৰিত হৈ উঠিব।
এই মেগা ফেষ্টিভেলত অংশগ্ৰহন কৰিব ভাৰতৰ কেইবাগৰাকী প্ৰবাদপ্ৰতিম তথা শীৰ্ষ শিল্পী, যেনে- লাকী আলি, বেনী দয়াল আৰু তেওঁৰ বেণ্ড ফাংকচুৱেছনৰ সমান্তৰালভৱে থাইলেণ্ডৰ ফক-ফিউজন ছুপাৰ গ্ৰুপ এছিয়া ছেভেনে।
উল্লেখযোগ্য যে মূলতঃ গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হবলগা এই অনুষ্ঠানটিৰ প্ৰৱেশ একেবাৰে বিনামুলীয়া।
সমান্তৰালভাৱে, উত্তৰ পূব ভাৰতীয় খাদ্য মেলাও অনুষ্ঠিত কৰা হব, যত উত্তৰ পূৰ্বাঞ্চলৰ আটাইেকইখন ৰাজ্যৰ পৰা অহা স্হানীয় বিপনীয়ে অংশগ্ৰহন কৰিব। ২৯ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাৰ পৰা ১ মাৰ্চলৈ দুৱাৰ মুকলি থাকিব। ১ মাৰ্চত গৃহিনীসকলৰ বাবে এক স্হানীয় খাদ্য সম্ভাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে