skip to Main Content

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উদ্ধাৰ ড্ৰাগছ

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ হয় নিচাজাতীয় কেপছুল৷ জানিব পৰা মতে, মঙলবাৰে নিশা গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী AS ১৫ C ৮০৩৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত গোৱালপাৰা পৰা ৫২ পেকেট নিচাজাতীয়‌ কেপছুল লৈ আহিছিল।‌ এই বিষয়ে বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা জানিব পাৰি বৰমা থানাৰ সন্মুখত তালাচী চলাই বাছখনৰ পৰা ৫২ টা নিচা জাতীয় দ্ৰব্যৰ পেকেট আৰু নকল দুশ টকীয়া নোটৰ নগদ বিশ হাজাৰ টকাসহ মবিদুল ইছলামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

Back To Top